গৌৰীপুৰত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সজাগতা সভা

75

বিজেপি চৰকাৰ নিৰ্দেশ মতে সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি সোমবাৰে ধুবুৰীৰ গড়কাপ্তানী বিভাগৰ অধীনস্থ গৌৰীপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যালত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়৷ ধুবুৰী গড়কাপ্তানী বিভাগৰ অধীনস্থ গৌৰীপুৰ ক্ষেত্ৰীয় সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা বনজিত অধিকাৰীৰ প্ৰচেষ্টাত অনুষ্ঠিত সভাখনত উপস্থিত থাকে ধুবুৰী গড়কাপ্তানী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা পৱন ডেকা, গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিনাক্ষী নাথ, বিশিষ্ট সমাজ সেৱক মৌচমী বৰুৱাৰ লগতে গড়কাপ্তানী বিভাগৰ বহু কেইগৰাকী বিষয়া কৰ্মচাৰী৷

উল্লেখ্য যে, পথ দুৰ্ঘটনাৰ ফলত প্ৰতিদিনে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত এনে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ জৰিয়তে সজাগতা আৰম্ভ কৰিছে৷ সেইদৰেই অসম চৰকাৰৰ নিৰ্দেশ মতে, যোৱা ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ অসমতো পথ দুৰ্ঘটনাৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস চলাই থকা হৈছে৷ ইতিমধ্যে ধুবুৰী, গোলকগঞ্জ, আগমনিৰ লগতে গৌৰীপুৰতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ সজগতা সভা অনুষ্ঠিত হৈ যায়৷