গৌৰীপুৰত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

198

গৌৰীপুৰত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান । আকৌ আৰক্ষীৰ তীব্ৰ অভিযানত পাচঁজনকৈ জুৱাৰী আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে পুনৰ গৌৰীপুৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আটক কৰিলে পাঁচজনকৈ জুৱাৰীক।

গৌৰীপুৰৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি শুক্ৰবাৰে নিশা গৌৰীপুৰ আৰক্ষীয়ে মধুশৌলমাৰী ১ম খণ্ড গাওঁত অভিযান চলাই জুৱাৰী কেইজনক আটক কৰাৰ লগতে তাশপাত, তিনিটা মোবাইল ফোন আৰু নগদ ১৮,৭৮০টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইজন হৈছে মজিজুল ৰহমান, আনিছুৰ আলী, আব্দুল মান্নান, আব্দুল আজিজ আৰু ৰফিকুল আলী।

জুৱাৰী কেইজনে প্ৰতি নিশা লাখ – লাখ টকাৰ জুৱাৰ আড্ডা বহুৱাই আহিছিল দীৰ্ঘ দিনৰ পৰা ৷

ক্ষন্তেক পৃৰ্ৱ জুৱাৰী কেইজনক গৌৰীপুৰ আৰক্ষীয়ে ধুবুৰী জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

আৰক্ষী বিষয়া ৰিতু জ্যোতি নাথে গৌৰীপুৰ আৰক্ষী থানাত যোগদান কৰাৰ পিছত বিভিন্নজন বিভিন্ন অপৰাধমৃলক ঘটনাৰ লগত জড়িত থকা লোকক অভিযান চলাই আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰি আহিছে বুলিও জানিব পৰা গৈছে।