গোৱা বিজেপিত সংঘাত! প্ৰাক্তন মুখ্যমন্ত্ৰীক দুৰ্নীতিগ্ৰস্ত আখ্যা দলৰে বিধায়কৰ

295

গোৱাৰ ৰাজহ মন্ত্ৰী তথা বিজেপি নেতা বাবুছে নিজৰ দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত মনোহৰ পাৰিকৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰয়াত মনোহৰ পাৰিকাৰৰ ২৫ বছৰীয়া কৰ্ম আৰু উত্তৰাধিকাৰক লৈ প্ৰশ্ন উত্থাপন কৰি বাবুছে কয় যে মনোহৰ পাৰিকৰে ২৫ বছৰীয়া ৰাজনীতিৰ সময়ছোৱাত পানাজী চহৰ ধ্বংস কৰিছিল।

কিন্তু ইাতেই ক্ষান্ত নহ’ল বাবুছ। প্ৰশ্ন কৰি তেওঁ কয় – ‘পানাজীৰ প্ৰাক্তন বিধায়ক মনোহৰ পাৰিকৰে ২৫ বছৰ ধৰি কি কৰিলে কওকচোন, তেওঁৰ আত্মীয়ই মোক এটা প্ৰকল্প দেখুৱাব লাগে যিটো পানাজীৰ জনসাধাৰণৰ বাবে কৰা হৈছে।’ বাবুছৰ এই বক্তব্যৰ পিছত বিতৰ্ক বৃদ্ধি হোৱাটো স্বাভাৱিক আছিল। ততাতৈয়াকৈ বাবুছৰ বক্তব্যক আগত লৈ বিৰোধীয়েও ৰাজ্যখনৰ বিজেপি চৰকাৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰে।

বাবুছে অভিযোগ কৰে যে মনোহৰ পাৰিকাৰে উপদেষ্টা হিচাপে নিযুক্তি দিয়াসকলে কোটি কোটি টকা আত্মসাৎ কৰিছিল আৰু তেওঁলোকৰ কুকৰ্মৰ পৰিণাম আমি এতিয়া ভোগ কৰি আছো। ইটোৰ পিছত সিটোকৈ বাবুছে ধাৰাবাহিকভাৱে বিস্ফোৰক মন্তব্য কৰে। বাবুছে কয় যে স্মাৰ্ট চিটিৰ সকলো কাম তেওঁৰ বন্ধু-বান্ধৱী, পৰামৰ্শদাতা আৰু ঠিকাদাৰক দিয়া হৈছিল।

৩৫ বছৰৰ অভিজ্ঞতা থকা অভিযন্তাসকলক একাষৰীয়া কৰি পাৰিকৰে বৃহৎ পৰিসৰৰ দুৰ্নীতিৰ সৈতে জড়িত পৰামৰ্শদাতাক নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা বুলি অভিযোগ উত্থাপন কৰে বিজেপি নেতাগৰাকীয়ে। অৱশ্যে ভাৰতীয় জনতা পাৰ্টি আৰু মনোহৰ পাৰিকৰৰ মাজতো বাবুছে এক সুক্ষ্ম ৰেখা অংকন কৰে। তেওঁ কয় যে পানাজীত প্ৰথমবাৰৰ বাবে বিজেপিয়ে জয়লাভ কৰিছে কাৰণ আগতে পাৰিকৰে কৈছিল যে মই পানাজীত জয়ী হৈছে।

বাবুছে কয় যে পাৰিকাৰে নিজকে দলতকৈ ডাঙৰ বুলি গণ্য কৰিছিল। বাবুছে উৎপল পাৰিকৰৰ সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল য’ত উৎপলে বাবুছক দুৰ্নীতিগ্ৰস্ত, অযোগ্য আৰু জনসাধাৰণৰ সমস্যাৰ প্ৰতি উদাসীন বুলি অভিহিত কৰিছিল। বাবুছৰ এই বক্তব্যৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকল ক্ষুব্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

প্ৰয়াত পৰিকৰৰ বিৰুদ্ধে মন্ত্ৰী বাবুছৰ মন্তব্যক লৈ ক্ষোভিত হৈ পৰিছে গোৱা বিজেপি নেতৃত্ব। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গিৰিৰাজ পাই ভাৰ্নেকাৰে বাবুছক প্ৰত্যুত্তৰ দি কয় যে গোৱা আৰু ভাৰতলৈ মনোহৰ পাৰিকৰৰ অৱদান বৃহৎ। বিজেপি নেতা ভাৰ্নেকাৰে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আধুনিক গোৱাৰ স্থপতি বুলি অভিহিত কৰিছিল আৰু আমাৰ বাবে এনে বক্তব্য অতি দুৰ্ভাগ্যজনক আৰু দুখজনক।

বাবুছৰ এই বক্তব্যই বিৰোধীক নতুন অস্ত্ৰ দিছে। ইয়াৰ উত্তৰত গোৱা কংগ্ৰেছৰ নেতা অমিত পাটকাৰে কয় যে ২০১৭ চনত পানাজীৰ স্মাৰ্ট চিটি সন্দৰ্ভত তেওঁৰ অভিযোগ এতিয়া সত্য বুলি প্ৰমাণিত হৈছে। বাবুছে পাৰিকৰৰ ওপৰত কৰা চোকা আক্রমণ আগন্তুক লোকসভা নির্বাচনৰ পূর্বে বিজেপিৰ বাবে নতুন প্রত্যাহবান হিচাপে প্রমাণিত হ’ব পাৰে৷