গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমৰ ৪ খন চলচ্চিত্ৰ

147

গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ৪ খনকৈ চলচ্চিত্ৰ। গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমৰ এই তিনিখন চলচ্চিত্ৰ ভাৰতীয় পেনোৰামাৰ বাবে নিৰ্বাচিত হৈছে।

গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কাহিনী চিত্ৰ শাখাত ‘শিজৌ’ নামৰ অসমৰ বড়ো ভাষাৰ এখন চলচ্চিত্ৰ নিৰ্বাচিত হৈছে। আনহাতে কাহিনী চিত্ৰ শাখাত আইমী বৰুৱাৰ ‘শেমখৰ’ নামৰ আন এখন অসমীয়া চলচ্চিত্ৰও প্ৰদৰ্শিত হ’ব।

ইফালে খবৰ অনুসৰি গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ নন-ফীচাৰ শাখাত ‘বীৰাঙ্গনা’ নামৰ অসমীয়া ভাষাৰ চলচ্চিত্ৰখন প্ৰদৰ্শিত হ’ব। গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসবলৈ বাছনি কৰা আন এখন ছবি হৈছে মিছিং ভাষাৰ ‘বোম্বা ৰাইড’।

উল্লেখ্য যে, অহা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হব ৫২ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। ২৮ নৱেম্বৰত অন্ত পৰিব এই মহোৎসৱৰ।