গোৱালপাৰাৰ ৰংজুলিত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক। নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকে খুন্দা মাৰে গছত। চূৰ্ণবিচূৰ্ণ হৈ পৰে ট্ৰাকখনৰ সন্মুখ ভাগ। থিতাতে নিহত হয় ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন। নিহতদ্বয় অঞ্জয় ৰাভা আৰু অজয় সৰকাৰ বুলি জানিব পৰা গৈছে।
