গোৱালপাৰাৰ হাদলাপাৰাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।জানিব পৰা মতে নিৰ্জন ঠাইত উদ্ধাৰ হৈছে গুলীবিদ্ধ এজন যুৱক। উল্লেখযোগ্য যে বিহাৰৰ ৰাহুল কুমাৰ নামৰ যুৱকজনৰ মূৰত দেখা গৈছে আঘাতৰ চিন। যুৱক জনৰ কাষতে পৰি আছে পিষ্টল আৰু স্কুটাৰ। পুৱা ৰবৰ কাটিবলৈ যোৱা শ্ৰমিকে প্ৰত্যক্ষ কৰে যুৱকজনক। তাৰ পিছতেই আৰক্ষীক খবৰ দিয়ে।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক প্ৰেৰণ কৰে হাস্পতাললৈ আৰু তদন্ত অব্যাহত ৰাখিছে।
