গোৱালপাৰাৰ জলেশ্বৰত আৰক্ষী বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ…

84

কোৰোনা অতিমাৰী সংক্ৰমণ ৰোধৰ বাবে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। সান্ধ্য আইন জাৰি হৈ থকাৰ সময়ত অযথা ঘৰৰ পৰা ওলাই অহা লোকক যদি বুজনিৰে নোৱাৰে, তেন্তে লাঠি চালনাৰে শিক্ষা দিছে আৰক্ষীয়ে। কিন্তু তাৰ মাজতো একাংশ আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে নিজৰ ক্ষমতাৰ অপপ্ৰয়োগেৰে সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে।

গোৱালপাৰা জিলাৰ ধুমেৰঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইয়াৰ আলী প্ৰামাণিকৰ বিৰুদ্ধেও সাধাৰণ নাগৰিকক অযথা অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে জলেশ্বৰৰ খলিচাভিটা বজাৰৰ ব্যৱসায়ী সকলে।

উল্লেখ্য যে, শুকুৰবাৰে বিয়লি লেচী আৰু চাৰালঝাৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মহম্মদ আলীয়ে বজাৰখনৰ মাজেৰে বাইকেৰে গৈ থকাৰ সময়ত ধুমেৰঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইয়াৰ আলী প্ৰামাণিকৰ নেতৃত্বত আৰক্ষীৰ দলে বেয়াকৈ প্ৰহাৰ কৰে আৰু গুৰুতৰভাৱে আহত হয় মহম্মদ আলী। ছোৱালীৰ এটা গোচৰক লৈ মহম্মদ আলীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে।

তাৰ পিছতে আজি জলেশ্বৰৰ খলিচাভিটা বজাৰৰ ব্যৱসায়ী সকলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।