গোৱালপাৰাত শিক্ষকৰ বিৰুদ্ধে দালালিৰ অভিযোগ

313

গোৱালপাৰাৰ লক্ষীপুৰত চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে দালালিৰ অভিযোগ। নিদানপুৰ দ্বিতীয় খণ্ডৰ শান্তিপুৰ এল পি স্কুলৰ শিক্ষক তছিৰউদ্দিন শ্বেইখ। বসুন্ধৰা আঁচনিত নাম অন্তৰ্ভুক্তিকৰণৰ নামতো লৈছিল ধন। লক্ষীপুৰ-ইটাখুলিৰ ৪০টা পৰিয়ালৰ পৰা লৈছিল ১-১০ হাজাৰ টকালৈ। কিন্তু তেওঁলোকৰ ভূমিপট্টা সম্পৰ্কীয় কাম নকৰিলে তছিৰউদ্দিনে। কিন্তু ধন ওভতাই নিদি ভয়-ভাবুকি দিয়াৰো অভিযোগ তছিৰউদ্দিনৰ বিৰুদ্ধে।