গোৱালপাৰাত ভয়ংকৰ দুৰ্ঘটনাত যুৱতীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

431
প্ৰতিকাত্মক ছবি

সোমবাৰে গোৱালপাৰাত এখন চাৰিচকীয়া বাহনে ই-ৰিক্সাত খুন্দা মৰাৰ ফলত থিতাতে এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

খবৰ অনুসৰি গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৰ ডাবলিত সংঘটিত হৈছে এই ঘটনা। তীব্ৰবেগী গাড়ী এখনে যাত্ৰী কঢ়িয়াই অনা ই-ৰিক্সাত খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় এগৰাকী যুৱতীৰ। কৃষ্ণাইৰ বাসিন্দা শিল্পশ্ৰী দাস বুলি জানিব পৰা গৈছে।

তদুপৰি একেটা পৰিয়ালৰ চাৰিজনকে ধৰি ৫জন লোক আহত হয় এই ঘটনাত। স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

তদুপৰি আহতসকলক লগে লগে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।