গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত শিশুসহ ৩জন

294

গোৱালাপাৰা জিলাৰ লখিপুৰত দেওবাৰে নিশা এটি বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত নিহত হয় শিশুসহ তিনিজন লোক।

নিহত সকলক সাৰথি লামা, তেওঁৰ চাৰি বছৰীয়া পুত্ৰ সুচিত বিশ্বকৰ্মা আৰু আন এজন গাওঁবাসী ভীম বাহাদুৰ ছেত্ৰী বুলি জানিব পৰা গৈছে।

তদুপৰি তিনিটা গৰুৰো হাতীৰ আক্ৰমণত মৃত্যু ঘটে।

এই ঘটনাটো জিলাখনৰ কুৰুং গাঁৱৰ পৰা জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি কালি নিশা হাতীৰ জাকটোৱে তাণ্ডৱ চলাই গাঁওখনৰ ৭টা বাসগৃহও ভাঙি পেলায়। ভুক্তভোগীসকলে নিজৰ ঘৰ ৰক্ষাৰ চেষ্টা চলাইছিল যদিও তেওঁলোকক আক্ৰমণ কৰি হত্যা কৰে।

সন্দেহ কৰা হৈছে যে খাদ্যৰ সন্ধানত হয়তো হাতীৰ জাকটো জনাঞ্চলত প্ৰৱেশ কৰিছিল।

ইফালে অঞ্চলটোত এনেধৰণৰ ঘটনা এটা প্ৰচলিত সমস্যা হোৱাৰ বাবে স্থানীয় ৰাইজে বন বিভাগক এই বিষয়ত জ্ঞাত হ’বলৈ আহ্বান জনাইছে।