গোৱালপাৰাত আৰক্ষীৰ গুলীত আহত ম’ষ্ট ৱাণ্টেড আব্দুৰ ৰহমান

77

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ গোৱালপাৰাৰ ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত হ’ল ম’ষ্ট ৱাণ্টেড অপৰাধী আব্দুৰ ৰহমান ওৰফে ৰিংকু।

চুৰি, হত্যা, ধৰ্ষণ, ডকাইতিৰ দৰে অপৰাধত অভিযুক্ত আব্দুৰ ৰহমানে যোৱা মাৰ্চত ৰাক্ষসিনীৰ বিকাশ ৰাভা নামৰ এজন যুৱকক অপহৰণ কৰি নি ভাৰত-বাংলাদেশ সীমান্তত বিক্ৰী কৰিছিল ৫ লাখ টকাত।

এই অভিযোগৰ ভিত্তিত গোৱালপাৰা আৰু কৃষ্ণাই আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই মেঘালয়ৰ বাঘমৰাৰ পৰা অপহৃত বিকাশ ৰাভাক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত আব্দুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰাৰ পিছতেই আব্দুল ৰহমানে ঘৰৰ ওচৰতে পিষ্টল থকা বুলি কোৱাত আৰক্ষীয়ে পিষ্টলটো আনিবলৈ যোৱাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় ম’ষ্ট ৱাণ্টেড অপৰাধী জনে। যাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ বৰ্তমান গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিযুক্তজন।