গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাত নিহত ৩ দুৰ্ধৰ্ষ ডকাইত

69

শুকুৰবাৰে গোৱালপাৰা জিলাত আৰক্ষীৰ গুলীত নিহত হয় ৩ জনকৈ দুৰ্ধৰ্ষ ডকাইত।

গোৱালপাৰা আৰক্ষীয়ে পুৱা জিলাখনৰ টুকুৰা অঞ্চলত চলোৱা অভিযান কালত দুৰ্ধৰ্ষ ডকাইত কেইজন নিহত হয়।

নিহত তিনিজনৰ নাম শ্বাহজাহান, নাজমুল আৰু সুজল বুলি চিনাক্ত কৰা হৈছে। খবৰ অনুসৰি ডকাইত কেইজনে দীৰ্ঘ সময়ৰ পৰা গোৱালপাৰাত সন্ত্ৰাস চলাই আহিছিল আৰু বিভিন্ন আৰক্ষী চকীত আটাইকেইজনৰ বিৰুদ্ধে গোচৰো ৰুজু হৈ আছিল।

খবৰ অনুসৰি তিনিওজনে অভিযানৰ সময়ত আৰক্ষীক আক্ৰমণ কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আনহাতে গুলীবিদ্ধ হোৱাৰ পিছতে তিনিওকে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।