গোৰেশ্বৰত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ

228

ৰাজ্যত বানপানীৰ সমস্যা নৌপাওঁতেই বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে।গোৰেশ্বৰত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ।

বানৰ পৰা পৰিত্ৰাণ নাপাওঁতেই এইবাৰ ধুমুহাৰ তাণ্ডৱৰ সন্মুখীন হ’বলগীয়া হৈছে গোৰেশ্বৰ অঞ্চলবাসী।

পুৱা ৫ বাজি ৩০ মিনিটত অহা প্ৰচণ্ড ধুমুহাই জোঁকাৰি গ’ল সমগ্ৰ গোৰেশ্বৰ অঞ্চল।

ধুমুহাই বহু লোকৰ ঘৰ দুৱাৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বৈদুতিক খুটা উভালি পৰাৰ লগতে প্ৰচণ্ড ধুমুহাৰ ফলত বৃহৎ বৃহৎ গছ উভালি পৰিছে

গোৰেশ্বৰৰ বেঙেনাআটী, চুঙাপাৰা,বটিয়ামাৰী,দলংদিয়া, গেৰুৱা, ভোগপুৰ, ঔগুৰী,তামুলিখাট মহৰিপাৰা,নাওকাটাকে ধৰি কেইবাটাও অঞ্চলতৰ বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।