গোৰেশ্বৰত চিপিআই(এম) তামুলপুৰ জিলাৰ অন্তৰ্গত ৬টা আঞ্চলিক কমিটিৰ মূখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

213

গোৰেশ্বৰত চিপিআই(এম) তামুলপুৰ জিলাৰ অন্তৰ্গত ৬টা আঞ্চলিক কমিটিৰ বিভিন্ন দাবীত অসমৰ মু্খ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে আজি গোৰেশ্বৰস্থিত চিপিআই(এম) কাৰ্য্যালয়ৰ পৰা গোৰেশ্বৰ ৰাজহ চক্ৰৰ কাৰ্য্যালয়লৈ এক ৰেলীৰে গৈ একাংশ চিপিআই(এম) দলৰ পুৰুষ মহিলাই হাতে হাতে প্লে কাৰ্ড লৈ বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকক পৰ্য্যাপ্ত পৰিমানে সাহায্য আৰু ক্ষতিপুৰণ দিয়া, অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰা, ভোগ দখল কৰি থকা কৃষকৰ মাটিৰ পট্টা দিয়া, শ্ৰমিক সকলৰ অধিকাৰ সুনিশ্চিত কৰা, এন পি এচ বাতিল কৰি পুৰণা পেঞ্চল বাহাল ৰখা, সমৱায় সমূহৰ আনাদায় পৰিবহন খৰচ শীঘ্ৰে অদায় দি বিনামূলীয়া চাউল বিনামূলীয়াকৈ যোগান ধৰি স্থায়ী সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ লগতে বিভিন্ন দাবীত মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

তামুলপুৰ জিলাত যিহেতু ১৪৪ধাৰা অব্যাহত হৈ আছে সেয়েহে স্মাৰক পত্ৰ প্ৰদান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা একাংশ পুৰুষ মহিলাক গোৰেশ্বৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰাক লৈ চিপিএই(এম) দলৰ কৰ্মকৰ্তাই মন্তব্য কৰে যে চৰকাৰে ১৪৪ধাৰাৰ জৰিয়তে বাক স্বাধীনতাক হস্তক্ষেপ কৰিছে ।