গোৰখপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰলৈ মনোনয়ন পত্ৰ দাখিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

69

উত্তৰ প্ৰদেশত নিৰ্বাচনী বতাহ ক্ৰমাৎ গৰম হৈ উঠিছে। ৰাজ্যখনৰ নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত মনোনয়ন দাখিল পৰ্ব আৰম্ভ হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত গোৰখপুৰ নগৰ বিধানসভা আসনৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে।

শুকুৰবাৰে পুৱা অসংখ্য বিজেপি কৰ্মীৰ সতে সমদল কৰি মনোনয়ন দাখিল কৰিবলৈ কালেক্টৰেট কাৰ্যালয়ত উপস্থিত হয় আদিত্যনাথ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

উল্লেখ্য যে , আদিত্যনাথে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁ পূৰ্বে পাঁচবাৰ গোৰখপুৰ লোকসভা আসনত প্ৰতিনিধিত্ব কৰিছিল।

প্ৰণিধানযোগ্য যে, গোৰখপুৰ সমষ্টিত অহা ৩ মাৰ্চত ষষ্ঠ পৰ্যায়ত ভোটদান অনুষ্ঠিত হব।