গোসাইগাওঁ উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতা

368

গোসাইগাওঁ উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতাৰ অভিযোগঃএফিডেফিট কৰিব যোৱা যুৱকক সুৰামত্ত অধিবক্তাৰ আক্ৰমন।গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিল স্থিত মহকুমা দন্ডাধিশৰ কাৰ্যালয়ৰ সমিপত স্থিত উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতাৰ অভিযোগ উত্থাপন হৈছে ৷ সন্থাৰ কাৰ্যালয়তে মদ্যপান কৰি অধিবক্তাই যুৱকক আক্ৰমন কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ভুক্তভোগী যুৱকে ৷ ঘটনাক লৈ গোসাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অভিযোগ মতে গোসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত দুই নম্বৰ ডেমডেমা গাঁৱৰ বাসিন্দা প্ৰমেশ্বৰ হাচদা নামৰ যুৱক গৰাকীয়ে জাতিৰ প্ৰমান পত্ৰৰ বাবে অধিবক্তাৰ জৰিয়তে এফিডেফিটৰ আবেদন কৰিছিল ৷ যুৱক গৰাকীয়ে এফিডেফিট টো আনিবলৈ কালি বিয়লি উকীল সন্থাৰ কাৰ্যালায়ত উপস্থিত হয় ৷ তেনে সময়ত উকীল সন্থাৰ কাৰ্যালয় কক্ষত নটাৰী বিষয়া (অধিবক্তা) বিভিষন বৰ্মন আৰু অধিবক্তা হিৰম্ব মুছাহাৰী মদ্যপান কৰি আছিল আৰু অধিবক্তাদ্বয়ে যুৱক গৰাকীক চাৰিটা চিগাৰেট আনিবলৈ কয় ৷ যুৱক গৰাকীয়ে চিগাৰেট আনিবলৈ অমান্তি হোৱাৰ লগতে কাৰ্যালয় কক্ষত মদ্যপান কৰাৰ কথা কোৱাত অধিবক্তা হিৰম্ব মুছাহাৰীয়ে তেওলৈ মদৰ বটল দলিয়ায় আৰু অশ্লীল ভাষা প্ৰয়োগ কৰি শাৰীৰিক ভাবে আক্ৰমন কৰে ৷ ঘটনা সন্দৰ্ভত যুৱক গৰাকীয়ে যোৱা নিশা গোসাইগাঁও থানাত এজাহাৰ দাখিল কৰিছে ৷ ইপিনে উক্ত ঘটনাক কঠোৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে দোষীৰ কঠোৰ শাস্তিৰ দাবী কৰিছে সদৌ চাঁওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক ৰিমান চাকু চৰেনে ৷ অনতি পলমে দোষীক আটক কৰিবলৈ দাবী জনায় অন্যথা আন্দোলনৰ হুংকাৰ দিয়ে চাঁওতাল ছাত্ৰ সন্থাই ৷