দেওবাৰে পুৱা গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই এখন তেলৰ টেংকাৰৰ পৰা প্ৰায় ১০ কোটি টকা মূল্যৰ আফিং জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে সদৰী কৰা মতে, এক গোপন খবৰৰ ভিত্তিত গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাৰ নিৰ্দেশত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে অভিযান চলায়। হাৰাপুটাৰ সমীপত নিউটাউনত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা PB 10 FV 0167 নম্বৰৰ এখন পৰিত্যক্ত ট্ৰাকত অভিযান চলোৱাৰ সময়ত তেলৰ টেংকাৰৰ ভিতৰৰ পৰা ২০ টা পেকেটৰ পৰা ১৯ কেজি ৫০০ গ্ৰাম ওজনৰ নিষিদ্ধ আফিং জব্দ কৰে। অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই ট্ৰাক চালকজনে পলায়ন কৰিবলৈ সক্ষম হয়।
