ষ্টাফৰিপৰ্টাৰ, ৩ জুলাই : লকডাউন শেষ হোৱাৰ পাছত
গ্লোবেল অৰ্গেনাইজেছন ফৰ লাইফ ডেভেলপনেন্ট (গোল্ড) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ তৰফৰ পৰা ৰাইজৰ মাজত সজাগতা মূলক প্ৰচাৰ অভিযান চলোৱা হ’ব। গ্লোবেল অৰ্গেনাইজেছন ফৰ লাইফ ডেভেলপনেন্ট (গোল্ড)ৰ সাধাৰণ সম্পাদক ড০ ৰাজীৱ কুমাৰ শৰ্মাই এই সম্পৰ্কে আমাৰ অসমক কয় “লকডাউনৰ ফলত দিন হাজিৰা কৰা সকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। লগতে অৰ্থনৈতিক, স্বাস্থ্য, শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে ক্ষতি হৈছে। এই মহামাৰী নিৰ্মূল হ’বলৈ কিমান সময় লাগিব সেয়া এয়াও সঠিক কৈ ক’ব পৰা নাযায়। এই লকডাউনৰ ফলত বহুতে সংস্থাপন হেৰুৱাব লগীয়া হ’ল। যাৰ ফলত নিবনুৱা সমস্যা পুনৰ বৃদ্ধি হ’ব। গ্ৰাহস্থ্য কন্দল বৃদ্ধি পাব।এই লকডাউনৰ ফলত অপৰাধ বাঢ়িব, মানৱ সৰবৰাহ বাঢ়িব।
গৃহহীন সকলৰ বাবে খাদ্য সামগ্ৰী যোগানৰ বাবে এটা “কীটছেন” ৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা হৈছে। নিবনুৱা সকলৰ বাবে ই-ৰিক্সা, যুৱতী-মহিলা সকলৰ বাবে কাটিং, এম্ব্ৰইডাৰিং আদিৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে বিত্তীয় সহযোগিতাৰ প্ৰয়োজন হ’ব।”