গোলাঘাট জিলাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহন সম্পন্ন

63

ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ সম্পন্ন হৈছে। সন্ধিয়া ৭ বজালৈকে লাভ কৰা তথ্য মতে, গোলাঘাট সমষ্টিত ৭৮.৮৯ শতাংশ আৰু খুমটাই সমষ্টিত ৭৮.৮১শতাংশ ভোটদান হয়। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহনৰ ৬ বজাত সামৰণি পৰে। গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোক তথা সকলো পক্ষক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে।

তেওঁ সংবাদ মাধ্যমকো বিভিন্ন নিৰ্বাচন সংক্রান্তীয় বাতৰি ভোটদাতাসকলক সময়মতে দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । সমষ্টি দুটাৰ অধীনৰ মুঠ ৪৮৬ টা ভোটগ্ৰহন কেন্দ্ৰত ভোটগ্ৰহন কৰা হয় । ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮টা কেন্দ্ৰৰ ব্যৱস্থা কৰা হয় । উল্লেখ্য যে কোৱিড-19ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হয়। গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭টা ভোটগ্ৰহন কেন্দ্ৰৰ সংযোজন ঘটোৱা হয় । এইবাৰ গোলাঘাট সমষ্টিত ১৯টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহন কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হয় ।

গোলাঘাটৰ হিন্দী হাইস্কুল আৰু খুমটাইৰ কুৰালগুৰি হাইস্কুলত স্থাপন কৰা কেন্দ্ৰকেইটা আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হয় । কেন্দ্ৰসমূহত গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ বাবে বিশেষ সা-সুবিধা, শিশুৰ ওমলা ঘৰ, প্ৰদৰ্শনী, চেল্ফি জ’ন, নিয়ন্ত্ৰণ কক্ষ, চিকিৎসা ব্যৱস্থা আদি সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰাৰ লগতে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হয় । ভোটদাতাসকলে বিভিন্ন ভোটগ্ৰহন কেন্দ্ৰত কোৱিড-19ৰ নীতি-নিৰ্দেশনা মানি দীঘলীয়া শাৰী পাতি ভোট দিয়া পৰিলক্ষিত হয় ।

প্ৰতিগৰাকী ভোটদাতাক মাস্ক, চেনিটাইজাৰ, গ্লোভছ আদি প্ৰদান কৰাৰ লগতে ভোটগ্ৰহনৰ পূৰ্বে সকলোৰে শৰীৰৰ উত্তাপ পৰীক্ষা কৰা হয় । ইফালে সমষ্টি দুটাৰ অধীনৰ সীমান্তৱৰ্তী অঞ্চলৰ ভোটগ্ৰহন কেন্দ্ৰসমূহৰ লগতে জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হয় । নিৰ্বাচন জিলাখনৰ ২৪৩ টা ভোটগ্ৰহন কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হয় ।

উল্লেখ্য যে, গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৭। ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৯২ গৰাকী। গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী ।

ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭১২গৰাকী মহিলা ভোটদাতা। সমষ্টি দুটাত ৫১৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ৭৪১৬ গৰাকী ১৮ৰ পৰা ১৯ বছৰ বয়সৰ, ৩৮৮৪ গৰাকী ৮০ বছৰ বয়সৰ উৰ্ধৰ, ৭২০ গৰাকী ডি ভোটাৰ আৰু ৫৫৮ গৰাকী চাৰ্ভিছ ভোটাৰ আছে।