গোলাঘাটৰ কঠিয়াতলী আঠগাঁৱত দুটা অবৈধ কাঠমিল উৎখাত ।জব্দ ৪ ট্ৰাক কুণ্ডা।গোলাঘাটৰ বনবিভাগে আজি এক অভিযান চলাই কঠিয়াতলী আঠাগাঁৱত দুটাকৈ অবৈধ কাঠমিল উৎখাত কৰে ৷ এলেকাটোত মণ্টু নেওগ আৰু আন এজনে কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ ২৪ ইঞ্চি বেঞ্চ বহুৱাই সুদীৰ্ঘ দিন ধৰি অবৈধভাবে গছৰ কুণ্ডা ফালি ৰমৰমীয়া বেপাৰ চলাই আহিছিল ৷ আজি বনবিভাগৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই দুইটা কাঠমিলৰ মালিক পলায়ন কৰে ৷
গোলাঘাট খণ্ড বন বিভাগৰ অভিযান অবৈধ কাঠফলা মিল দুটা উৎখাত কৰাৰ লগতে চাৰিগাড়ী অবৈধ কাঠ জব্দ কৰে ৷ আনহাতে ফাণ্টা ফালিবৰ বাবে বনবিভাগে ১০ ইঞ্চিৰ বেঞ্চিৰ অনুমতি দিয়ে যদিও অনুমতি লোৱা সৰহ সংখ্যকে ২৪ ইঞ্চিৰ বেঞ্চ বহুৱাই গছৰ কুণ্ডা সমূহ ফালি হাবিবননি ধৱংস কৰি আহিছে ৷ এনে কাঠমিলৰ সংখ্যা জিলাখনত অলেখ ৷ ইয়াৰ ভিতৰত দেৰগাঁৰখণ্ড বনবিভাগৰ অধীনৰ কেৱল ব্ৰহ্মপুত্ৰ অঞ্চল ; ৰঙামাটি আদিত বহু সংখ্যক কাঠমিল স্হাপন কৰি গছৰ কুণ্ডা ফালি গোলাঘাট চহৰ ; বাদুলিপাৰা ; যোৰহাট আদিলৈ প্ৰেৰণ কৰাৰ অভিযোগ দিৰ্ঘদিনীয়া ৷ এই ক্ষেত্ৰত দেৰগাঁৱৰ খণ্ড বন বিভাগৰ মালিৰ চাকৰি কৰা দাস উপাধীৰ কৰ্মচাৰীজনে বিভিন্ন পক্ষক মেনেজ কৰি চোৰাং মাটি আৰু কাঠবেপাৰীক উৎসাহিত কৰাৰ অভিয়োগ উঠিছে ৷
