গোলাঘাটত স্বাধীনতা দিৱস সম্পৰ্কে খেলি মেলি

164

আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে গোলাঘাট সম্মন্বয় ক্ষেত্ৰতো সমূহীয়াকৈ উক্ত দিৱস উৎযাপন কৰা হয়৷সেই অনুসৰি গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই পতাকা উত্তোলন কৰে৷উক্ত দিৱসত গোলাঘাট কমাৰ্চ কলেজ ছোৱালী এনচিচি আৰু দেৱৰাজ ৰয় কলেজ ছাত্ৰীএনচিচি কেডেট সকলে প্ৰথম আৰু দ্বিতীয় স্থান আৰু চেক্ৰেটহাৰ্ট বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে৷উক্ত দিৱসত মন্ত্ৰী কেশৱ মহন্তৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ,জিলাধিপতি মৃগেশ নাৰায়ণ বৰুৱাৰ লগতে ,আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিষয়াসকল আৰু যথেষ্ট সংখ্যক জনতা উপস্থিত থাকে৷পিচে এইখিনিতেই এক খেলি মেলিৰ বিষয় যে গোলাঘাট সম্মন্বয় ক্ষেত্ৰৰ বেনাৰত আৰু স্বয়ং গোলাঘাটৰ অভিভাৱক মন্ত্ৰীয়ে ৭৬ বছৰ বুলি ভাষণ সংক্ৰান্তত ঘোষণা কৰে৷ আনহাতে আন চৰকাৰী বিভাগ সমূহেও ৭৫ বছৰ বুলিয়েই ঘোষণা কৰে গতিকে এতিয়া সাধাৰণ জনতাইহে ঠিৰাং কৰিব যে এই স্বাধীনতা দিৱস কিমান সংখ্যক?