গোলাঘাটত সম্পূৰ্ণ লকডাউনৰ ম্যাদ বৃদ্ধি

78

উদ্বেগজনক কোভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাত দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছিল জিলা প্ৰশাসনে। সেই অনুসৰি ১৩ আৰু ১৪ জুলাই অৰ্থাৎ মঙলবাৰ আৰু বুধবাৰে জিলাখনত বন্ধ থাকে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা যান-বাহনৰ চলাচল। ইফালে সংক্ৰমণ প্ৰতিৰোধৰ বাবে পুনৰ এদিনৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

আজি গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি ১৫ জুলাই অৰ্থাৎ বৃহস্পতিবাৰেও জিলাখনত সম্পূৰ্ণ লকডাউন জাৰি হৈ থাকিব। এই সময়ছোৱাত গাখীৰ, ফল-মূলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বিক্ৰীত নিৰ্দিষ্ট সময়লৈকে অনুমতি প্ৰদান কৰা হৈছে। কিন্তু সম্পূৰ্ণ লকডাউনৰ সময়ছোৱাত বন্ধ থাকিব জিলাখনৰ সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু যান-বাহনৰ চলাচল।