গোলাঘাট জিলাৰ মেৰাপানীত বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ পিছতে অসুস্থ হৈ পৰে একেটা পৰিয়ালৰ ৫ জন সদস্য।
পৰিয়ালৰ সদস্য কেইজনে পাহাৰৰ পৰা অনা বনৰীয়া কাঠফুলা খোৱাৰ পিছতে মূৰ ঘূৰোৱা, বমি, বুকুৰ বিষ আদিত আক্ৰান্ত হয়।
যাৰ বাবে আটাই কেইজনক ততাতৈয়াকৈ মেৰাপানী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়।
আক্ৰান্ত ব্যক্তি কেইজন হৈছে জোনমনি কৰুৱা (১০), নিমলী কৰুৱা (৪৮), ৰাজু কৰুৱা (২৭), সাবিত্ৰী কৰুৱা (৬) আৰু নাগাৱতিয়া কৰুৱা (৫০)। ইয়াৰে নিমলী কৰুৱা আৰু জোনমনি কৰুৱাৰ অৱস্থা সংকটজনক।
ইয়াৰ পূৰ্বে ২৫ মে’ত শিৱসাগৰ জিলাৰ এটা পৰিয়ালৰ ৮ জন সদস্য বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হোৱা বুলি জানিব পৰা গৈছিল। সোণাৰি মহকুমাত অৱস্থিত সাপেখাতি গাঁৱত সংঘটিত হৈছিল এই ঘটনা।