গোলাঘাটত দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা

105

গোলাঘাটত নিয়ন্ত্ৰণলৈ অহা নাই কোভিড পৰিস্থিতি। জিলাখনৰ বিভিন্ন প্ৰান্তত কোভিড সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে সেনাৰ ফ্লেগমাৰ্চৰ নিৰ্দেশ দিয়াৰ পিছতো সংক্ৰমণ প্ৰতিদিনে বৃদ্ধি পাই আছে। শেহতীয়াকৈ জিলাখনত সংক্ৰমণৰ হাৰ ৩.৬৮ শতাংশলৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গোলাঘাটত দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে জিলা প্ৰশাসনে।

সোমবাৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুুৱাই ১৩ আৰু ১৪ জুলাইত দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰে। এই লকডাউনৰ সময়ছোৱাত গাখীৰ, ফাৰ্মাচী আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে অন্য ব্যৱসায়িক প্ৰতিষ্ঠান তথা যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ দিছে উপায়ুক্তগৰাকীয়ে।

উল্লেখ্য যে, গোলাঘাট জিলাৰ সৰ্বাধিক লোক কোভিডত আক্ৰান্ত হৈছে বোকাখাত মহকুমাত। মহকুমাটোত বৰ্তমানলৈকে ৪১৬২ জন লোক কোভিড পজিটিভ হোৱাৰ লগতে ৩১ জনে প্ৰাণ হেৰুৱাইছে। ইফালে সোমবাৰৰ দিনটোত গোলাঘাত জিলাত সৰ্বমুঠ ৩০ হাজাৰ লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে।