গোলাঘাটত খহিছে কংগ্ৰেছৰ দুৰ্গ, ১০ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

69

কংগ্ৰেছ বিধায়িকা অজন্তা নেওগৰ বিজেপিত যোগদানৰ পিছতে গোলাঘাটত ক্ৰমে দুৰ্বল হৈ পৰিছে কংগ্ৰেছৰ ভেটি। সমষ্টিটোৰ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অজন্তা নেওগৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাই এতিয়া বিজেপিত যোগ দিয়াৰ বাবে আগবাঢ়িছে। ইতিমধ্যে গোলাঘাটৰ যুৱ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক পলাশ তামুলীয়েও কংগ্ৰেছ এৰি যোগ দিছে বিজেপিত।

ইফালে শনিবাৰে গোলাঘাটৰ গৰঙা পথাৰত বিজেপিয়ে আয়োজন কৰা এক যোগদান সমাৰোহত সমষ্টিটোৰ ১০ সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপিত যোগ দিব বুলি জানিব পৰা গৈছে। যাৰ পিছত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত গোলাঘাট সমষ্টি এইবাৰ বিজেপিৰ হাতলৈ যোৱা বুলিয়ে দাবী কৰিছে বিভিন্নজনে।

শনিবাৰে বিজেপিৰ এই যোগদান সমাৰোহ উপলক্ষ্যে ইতিমধ্যেই গোলাঘাটত উপস্থিত হৈছে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ তপন গগৈ, বিধায়ক মৃণাল শইকীয়াৰ লগতে ২ সহস্ৰাধিক বিজেপি কৰ্মী উপস্থিত থাকিব।