গোলঘাটত ক্ষুব্ধ ৰাইজে মৰিয়াই হত্যা কৰিলে এটা নাহৰফুটুকী…

358

গোলাঘাট জিলাৰ খুমটাইত ক্ষুব্ধ গাঁওবাসীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে এটা মতা নাহৰফুটুকীক।

জানিব পৰা মতে, নাহৰফুটুকীটোৱে অঞ্চলটোত তিনিজন লোকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ক্ষুব্ধ স্থানীয় লোকে নাহৰফুটুকীটোক খেদি খেদি দেওবাৰে মৰিয়াই হত্যা কৰে।

নাহৰফুটুকীটোক কুঠাৰ, দা আৰু লাঠিৰে আক্ৰমণ কৰাৰ ফলত নাহৰফুটুকীটোৰ মৃত্যু হয়।

জানিব পৰা মতে, নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

ঘটনাৰ পিছতে বন বিষয়াসকলে সেই স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

শেহতীয়াকৈ যোৰহাট জিলাৰ মহবন্ধা চাহ বাগিচাত এটা পূৰ্ণাংগ নাহৰফুটুকীৰ বয়স বৃদ্ধি কৰা হৈছিল।

স্থানীয় ৰাইজৰ অভিযোগৰ পিছতে যোৰহাট বন বিভাগে পিঞ্জৰাবদ্ধ কৰে নাহৰফুটুকীটো।

সূত্ৰই জনোৱা মতে, বিগত কেইবাদিন ধৰি নাহৰফুটুকীটোৱে অঞ্চলটোত সন্ত্ৰাস আৰু আতংকৰ সৃষ্টি কৰি আহিছে।