গোপন তথ্য ফাদিল গোচৰ! প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড

74

চৰকাৰী গোপন তথ্য ফাদিল কৰাৰ বিতৰ্কিত গোচৰত ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক।

মঙলবাৰে এই তথ্য সদৰী কৰিছে ৰাষ্ট্ৰখনৰ সংবাদ মাধ্যম আৰু ইমৰান খানৰ দলৰ মুখপাত্ৰই।

উল্লেখ্য যে, যোৱা বছৰৰ আগষ্ট মাহত এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। ৱাশ্বিংটনত থকা পাক ৰাষ্ট্ৰদূতে চৰকাৰলৈ প্ৰেৰণ কৰা গোপন তথ্য ফাদিল কৰাৰ গোচৰত অভিযুক্ত আছিল ইমৰান খান।

ইফালে অহা ৮ ফেব্ৰৱাৰীত অনুষ্ঠিত হ’বলগীয়া দেশখনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ইমৰান খানৰ এই শাস্তিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফে প্ৰকাশ কৰা মতে, ইমৰান খানৰ উপৰিও বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীকো বিশেষ আদালতে ১০ বছৰৰ বাবে শাস্তি প্ৰদান কৰিছে।

বিশেষ আদালতৰ এই ৰায়ৰ বিৰুদ্ধে সৰ্বোচ্ছ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বুলি প্ৰকাশ কৰে পাকিস্তান তেহৰিক-ই-ইনছাফে।