গোটানগৰ সত্ৰৰ ৰাস মহোৎসৱৰ লাইখুটা স্থাপন

57

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ মালিগাঁও নামবাৰীৰ ঐতিহাসিক শ্ৰীমন্ত শংকৰদেৱ গোটানগৰ সত্ৰৰ আগন্তক চতুৰ্দশ সংখ্যক ৰাস মহোৎসৱ কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে অহা ২৯ নৱেম্বৰত পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতিৰে এদিনীয়া কার্যসূচীৰে পালন কৰা হব । আনহাতে আজি সত্ৰ চৌহদত ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয় ।

মাংগলিক কাৰ্যৰ মাজেৰে উপস্থিত লোকসকলৰ নাম – প্ৰসংগ আৰু উৰুলিৰ মাজত লাইখুটা স্থাপন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ মুখ্য সাধাৰণ সম্পাদক অশোক কুমাৰ ভৰালীয়ে ।এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি বলেন ঠাকুৰীয়া , সাধাৰণ সম্পাদকদ্বয় মুকুট চন্দ্ৰ ডেকা আৰু নৱকান্ত দাসকে ধৰি সমিতিৰ কেবাজনো কৰ্মকর্তা আৰু সত্ৰৰ সৈতে জড়িত বহুসংখ্যক লোক উপস্থিত থাকে ।