গেলেকী তৈলক্ষেত্ৰ অন্তৰ্গত দেওপানী স্থিত ৰিগ নম্বৰ M-4900 সংঘটিত হৈছে ভয়ংকৰ প্ৰদূষণৰ সমস্যা

133

গেলেকী তৈলক্ষেত্ৰ অন্তৰ্গত দেওপানী স্থিত ৰিগ নম্বৰ M-4900 সংঘটিত হৈছে ভয়ংকৰ প্ৰদূষণৰ সমস্যা

তৈল খাদটোৰ কেমিকেল পুখুৰীৰ পাৰ ভাগি কেমিকেল পৰিছেগৈ স্থানীয় দেওপানী নদীত ।

এই বিষাক্ত কেমিকেলযুক্ত পানী সেৱন কৰি মৃত্যু পৰ্যন্ত হব পাৰে জীৱকুলৰ ।

মহাৰত্ন কোম্পানী ONGC য়ে দীৰ্ঘসময় ধৰি গেলেকী বিভিন্ন স্থানত বিভিন্ন প্ৰদূষণৰ সমস্যা সৃষ্টি কৰি আহিছে ।

এই প্ৰদূষণৰ নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যথ হৈছে মহাৰত্ন কোম্পানীটো ।

আজি ৰাতি হোৱা এজাক বৰষুণত ৰিগটোৰ কেমিকেল পুখুৰীৰ বান্ধ ভাগি সম্পূৰ্ণ কেমিকেলযুক্ত পানী দেওপানী নদীত পৰেগৈ ।

উল্লেখযোগ্য যে এই দেওপানী নদীখন কেইবাখনো বৃহৎ গাৱৰ মাজেৰে বৈ গৈছে।

আৰু এই নদীৰ পানী মানুহকে ধৰি জীৱ জন্তুৱে দৈনিক ব্যৱহাৰ কৰি আহিছে ।

এতিয়া এই বিষাক্ত পানী সেৱন কৰি জীৱকুললৈ নামি আহিব পাৰে ভয়ংকৰ বিপদ ।