গেলেকীৰ চাৰি আলিৰ পৰা চুৰি হোৱা বাহন উদ্ধাৰ
যোৱা শুক্ৰবাৰে নিশা গেলেকীৰ চাৰি আলিৰ পৰা চুৰি হৈছিল TATA YOUDHA বাহনখন।
নাগালেণ্ডৰ পাইনা ৰোডৰ কাষৰ হাবিৰ পৰা উদ্ধাৰ কৰা হৈছে বাহনখন
এক গোপন সূত্ৰৰ পম খেদি গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কোঁৱৰৰ নেতৃত্বত চলিছিল অভিযান ।
অভিযানত নাগালেণ্ড সীমান্তৰ পাইনা ৰোডৰ সমীপৰ হাবিৰ পৰা উদ্ধাৰ কৰা হৈছে চুৰি হোৱা বাহনখন
নিশা প্ৰায় 10 মান বজাত চলিছিল অসম নাগালেণ্ড সীমান্তত এই অভিযান ।
উদ্ধাৰ হোৱা বাহনখনৰ কিছু সামগ্ৰী চুৰি চক্ৰটোৱে খুলি লৈ যায় ।
