গৃহবন্দী! প্ৰতিবাদী কৃষকক সমৰ্থন জনোৱাটোৱেই অপৰাধ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ…

53

ডিজিটেল ডেস্ক:- দিল্লীত কৃষকে অব্যাহত ৰখা কৃষি আইন বিৰোধী প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আগবঢ়াই আহিছে দেশবাসীয়ে। অন্নদাতাই নিজৰ অধিকাৰৰ বাবে আজি ৰাজপথলৈ ওলাই আহিব লগা কাৰ্যক লৈ তীব্ৰ সমালোচনা চলিছে কেন্দ্ৰীয় চৰকাৰক। কিন্তু চৰকাৰে জানো কাৰোবাৰ কথা শুনে?

কৃষকৰ এই প্ৰতিবাদলৈ সমৰ্থন জনাইছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও। তেওঁ কৃষক সকলক সাক্ষাতো কৰিছিল। কিন্তু তাৰ পিছতে তেওঁক একপ্ৰকাৰ গৃহবন্দী কৰি ৰখা হৈছে!

আম আদমী পাৰ্টীৰ অভিযোগ অনুসৰি কেজৰিৱালে কৃষকলৈ মুকলি সমৰ্থন জনোৱাৰ পিছতে তেওঁৰ বাসগৃহত কাকো প্ৰৱেশ-প্ৰস্থান কৰিবলৈ দিয়া হোৱা নাই। আম আদমী পাৰ্টীৰ এই অভিযোগৰ পিছতে এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।