গুৱাহাটী ৰে’লৱে ষ্টেছনত সোণৰ বিস্কুটসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

96

জেপত সোণৰ বিস্কুট লৈ কৰিছিল ৰে’লযাত্ৰা! গুৱাহটী ৰে’লৱে ষ্টেছনত গ্ৰেপ্তাৰ সৰবৰাহকাৰী

গুৱাহাটী ৰে’লৱে ষ্টেছনত সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী।

ৰাজধানী এক্সপ্ৰেছত জিআৰপিৰ নিয়মীয়া তালাচীৰ সময়ত গ্ৰেপ্তাৰ সৰবৰাহকাৰীজন।

জেপত ২টা সোণৰ বিস্কুট লৈ ডিমাপুৰৰ পৰা চেন্নাইলৈ যাত্ৰা কৰিছিল সৰবৰাহকাৰীজনে।

ধৃত লোকজনক তামিলনাডুৰ মহম্মদ মহিউদ্দিন বুলি জানিব পৰা গৈছে।

জব্দকৃত সোণৰ বিস্কুট দুটাৰ মূল্য ১৫ লাখ টকা হব বুলি জানিব পৰা গৈছে।