গুৱাহাটী মহানগৰীৰ বুকুত ইছা মিউজিক ষ্টুডিঅ’ মুকলি কৰে কল্পনা পাটোৱাৰীয়ে

78

গুৱাহাটী মহানগৰীৰ বুকুত কালাপাহাৰ চাইকেল ফেক্টৰী ট্ৰেফিক প‌ইণ্টৰ সন্মুখত ইছা পোৰ্টত সংস্থাপন হৈছে এক উচ্চ কাৰিকৰী আৰু শক্তিসম্পন্ন ইছা ষ্টুডিঅ’। প্ৰতিভাবান কণ্ঠশিল্পী ইছা দাসৰ পিতৃ সমাজসেৱী, অভিনেতা কিশোৰ কুমাৰ দাসৰ একক প্ৰচেষ্টাৰে সংস্থাপিত শব্দ ষ্টুডিঅ’ক লৈ আশা প্ৰকাশ কৰে আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে।ইপিনে কণ্ঠশিল্পী অনুপম শ‌ইকীয়াই অসমত প্ৰথমবাৰৰ বাবে ৫.১ শক্তিসম্পন্ন শব্দৰ সকলো পাৰিভাষিক মিশ্ৰণ ষ্টুডিঅ’টোত সম্পন্ন হোৱাত অসমৰ সাস্কৃতিক ক্ষেত্ৰত সহায়ক হোৱাৰ কথা প্ৰকাশ কৰে।