গুৱাহাটী মহানগৰীৰ বজাৰত প্ৰশাসনৰ নীতি নিয়ম পালন উলংঘা

156

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটী মহানগৰীত প্ৰশাসনৰ কোনো ধৰণৰ নীতি নিয়ম পালন নকৰিলে একাংশ মহানগৰ বাসীয়ে। সেইদৰে পাচলি ব্যৱসায়ী সকলেও নিৰ্ধাৰিত মূল্যত কৈ তিনিগুণ দাম বৃদ্ধি কৰিলে। আনহাতে পাচলি ক্ৰয় কৰিবলৈ একাংশ লোকৰ হেতা ওপৰা লাগে। সোমবাৰে মহানগৰীত উলুবাৰী, ভঙাগড়, চানমাৰি, ফাঁচীবজাৰত বন্ধাকবিৰ প্ৰতি কেজিঃ ৫০–৬০ টকা, জিকা ৭০-৮০ টকা, বিলাহী ১১০-১২০ টকা, পটল ৮০ টকা, বেঙেনা ৬০ টকা, লেছেৰা ৬০-৮০ টকা’, জলকীয়া ২২০-২৪০ টকা, ভেন্ডী ৬০ টকা, ৰঙালাউ ৪০ -৫০ টকা, নিলাজী ৬০ টকা, ভোল ৪০ টকা, ভাতকেৰেলা ১২০ টকা, কোমোৰা ৬০ টকা
৷ কনী প্ৰতিপ্লেট ২১০ ; পান মুঠি ৩০–৪০টকাত বিক্ৰী কৰা হয়। মহানগৰীৰ একাংশ ধনী শ্ৰেণীয়ে এই শাক পাচলি ক্ৰয় কৰে যদিও একাংশই জুই চাই দামৰ বাবে হাতত খালী মোনা লৈ উভতিব লগীয়া হয়।