ষ্টাফৰিপৰ্টাৰ, এইবাৰ গুৱাহাটীত ৰবতে নিষ্কাষণ কৰিব নলা নৰ্দমাৰ জাৱৰ । ৪ টা কেমেৰা থকা বেন্দীক’ট নামৰ ৰবৰটোয়ে গুৱাহাটীত নিষ্কাষণ কৰিব জাৱৰ ।সমগ্ৰ উত্তৰ-পূৱৰ ভিতৰতে গুৱাহাটীত প্ৰথম বাৰৰ বাবে নলা নিষ্কাষণ কৰা হ’ব ৰবৰটেৰে ৷ গুৱাহাটী মহানগৰীত থকা প্ৰায় ৩৩০ টা নলা নিষ্কাষণ কৰা হ’ব বেন্দীক’ট নামৰ ৰবৰটেৰে ।
কোনো চাফাই কৰ্মী দুৰ্গন্ধময় নলাত ননমাকৈয়ে বেন্দীক’ট ৰ জৰিয়তে নলা নিষ্কাষণ কৰা হ’ব। পৌৰ নিগমৰ চাফাই কৰ্মীৰ পৰিবৰ্তে এতিয়াৰে পৰা নলা চাফাই বেন্দিকত ৰবতে কৰিব। অইল ইণ্ডিয়া কৰ্পৰেচনে গুৱাহাটী পৌৰ নিগমক উপহাৰ দিয়া এই ৰবটৰ মঙলবাৰে শুভ উদ্বোধন কৰে গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।ৰৱটৰ লগতে সমান্তৰাল ভাৱে কেইবাখনো এক্সকেভেটৰ-জে চি বি নলা নিষ্কাষণত ব্যৱহাৰ কৰা হব । গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত অনুষ্ঠিত এই অনুষ্ঠানত ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ উত্তৰ পূৰ্বৰ মুখ্য মহা প্ৰবন্ধক তথা ৰাজ্যিক মুৰব্বী
জি ৰমেশ, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব
মনিন্দৰ সিং, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা আদি উপস্থিত থাকে।
ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ সামাজিক দায়বদ্ধতা পুঁজিৰ অধীনত ৩৮ লাখ টকা ব্যয় কৰিছে বেন্দীক’ট ৰবট ক্ৰয়ত। মঙলবাৰে বেন্দীক’ট ৰবট গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ বাবে মুকলি কৰা হৈছে। ইয়াৰ জৰিয়তে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ।
উল্লেখ্য যে ভাৰতৰ কেইবাটাও স্থানত বিগত চাৰি বছৰত প্ৰায় তিনিশতাধিক চাফাই কৰ্মীয়ে প্ৰাণ হেৰুৱাইছিল নলা নিষ্কাষণত । এনে অঘটনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যত ইতিমধ্যে ৰবটেৰে নলা নিষ্কাষণ কাম আৰম্ভ কৰা হৈছে ।কেৱল গুৱাহাটীতেই নহয় ৰাজ্যৰ আন চহৰ সমূহতো পৰবৰ্তী সময়ত ৰবৰটেৰে নলা নিষ্কাষণ কৰা হব বুলি
গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় । পৰৱৰ্তী সময়ত কাম খৰটকীয়া কৰিবৰ বাবে আৰু ৰবট কিনাৰ কথা সদৰি কৰে মন্ত্ৰী ভট্টাচাৰ্যই ।