ষ্টাফৰিপোৰ্টাৰ, ২৪ এপ্ৰিল: কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ভাৰত চৰকাৰে গ্ৰহন কৰা লকডাউনৰ বাবে চৰম আৰ্থিক সংকটত ভোগা সাত সহশ্ৰাধিক দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি গুৱাহাটী বেলতলাৰ চাৰি গৰাকী বিশিষ্ট ব্যাৱসায়ীয়ে মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। উল্লেখ্য মহানগৰৰ বেলতলা নিবাসী বিশিষ্ট ব্যাৱসায়ী তথা সমাজকৰ্মী নীলমনি তালুকদাৰ, প্ৰনৱ শৰ্মা,ভীমু শৰ্মা আৰু ৰাজদ্বীপ দাসে গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ আৰ্থিক সংকটত ভোগা দুখীয়া পৰিয়ালৰ লগতে ৰাজ্যখনৰ নলবাৰী, বৰপেটা,ধেমাজী জিলাৰ প্ৰায় সাত সহশ্ৰাধিক পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰি যথেষ্ট সকাহ দিয়ে। উল্লেখ্য বিশিষ্ট সমাজকৰ্মী কেইজনে সাহাৰ্য প্ৰদান কাৰ্যৰ প্ৰচাৰৰ পৰা আঁতৰত থাকি ইতিমধ্যে নলবাৰী জিলাৰ কঠোৰা, নাৰপাৰা, ননৈ, দতৰা, বড়িদতৰা,বৰৰা,ধনৰা,গুৱাকুছিৰ লগতে বৃহত্তৰ বৰভাগ আৰু বাহজানী অঞ্চলৰ ভালেসংখ্যক গাৱৰ দুখীয়া তথা আৰ্থিক সংকটত ভোগা দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰে। নলবাৰী জিলাৰ উপৰি বিশিষ্ট ব্যাৱসায়ী কেইজনে বৰপেটা, গুৱাহাটী মহানগৰৰ উপৰি উজনি অসমৰ ধেমাজি জিলাৰ কেবাহাজাৰ দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে। সমাজকৰ্মী কেইজনে একত্ৰিতভাৱে তলাবন্ধ কাৰ্যসূচীত আৱদ্ধ হৈ থকা দুখীয়া পৰিয়াল সমূহক চাউল, দালি, মিঠাতেল, চেনী, চাহ, নিমখ, আলু, পিয়াজ, আটা আৰু চিৰা যোগান ধৰে। ইয়াৰ উপৰি সমাজকৰ্মী কেইজনে মহানগৰৰ বিভিন্ন এলেকাৰ দুখীয়া নিচলা তথা আৰ্থিক দৈন্যত ভোগা লোকক আৰ্থিক সাহায্য প্ৰদান কৰি দুৰ্যোগৰ সময়ত মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। দুখীয়া লোকসকলে ব্যাৱসায়ী কেইজনৰ এনে কাৰ্যৰ শলাগ লৈছে।
