গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫ জনৰো অধিক শিক্ষাৰ্থীৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে ৫ দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে বিশ্ববিদ্যালয়খনৰ অনলাইন-অফলাইন পাঠদান আৰু হোস্টেলসমূহ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা এক জাননী অনুসৰি কোভিড সংক্ৰমণৰ বাবে ১৫ৰ পৰা ১৯ ডিচেম্বৰলৈ পাঠদান আৰু হোস্টেলসমূহ বন্ধ থাকিব।
আনহাতে বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে মঙ্গলবাৰে অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই।
উল্লেখ্য যে, স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী বিগত এসপ্তাহৰ পৰা বিশ্ববিদ্যালয়খনত কৰা হৈছিল ক’ভিড পৰীক্ষা। সেই ক’ভিডৰ RTPCR টেষ্টতেই ধৰা পৰে ১৫ গৰাকী শিক্ষাৰ্থীৰ দেহত ক’ভিড পজিটিভ।
