গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ মহৎ প্ৰদেক্ষেপ

50

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষে ধৰাপুৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মূল্যৱান গছপুলি ৰোপণ কৰি নদী খহনীয়া বন্ধ কৰিবলৈ এক কাৰ্যসূচী আয়োজন কৰে।

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শিলিখা গছ এজোপা ৰোপণ কৰি বননীকৰণ কাৰ্যসূচী উদ্বোধন কৰি বিশ্ববিদ্যালয়ৰ এই প্ৰদক্ষেপক প্ৰশংসা কৰি এন এছ এছৰ এই উদাৰ পদক্ষেপৰ বাবে স্বেচ্ছাসেৱক আৰু তাত উপস্থিত থকা সকলোকে পৃথিৱী মাতৃক বচাবলৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়।

বিশ্ববিদ্যালয়খনৰ ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে এজোপা গছপুলি ৰোপণ কৰি কয় যে :প্ৰধানমন্ত্ৰীৰ পৰিৱেশ ৰক্ষাৰ এই কাৰ্যসূচী এক সময়োপযোগী প্ৰদক্ষেপ আৰম্ভ কৰিছে আৰু সকলোকে এই অভিযানক এক বৃহৎ সফল কৰিবলৈ আহ্বান জনাইছে।

এন এছ এছ কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেৱকসকলেও ব্ৰহ্মপুত্ৰৰ পাৰত বহুসংখ্যক গছৰ পুলি ৰোপণ কৰে।