বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈ পৰিচালিত চিনেমা ‘গো গো আই’ত অভিনয় কৰা হিমানজ্যোতি দাসক এই অনুষ্ঠানত সমৰ্দ্ধনা জনোৱা হয়। গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰি তেওঁক সম্বৰ্দ্ধনা জনোৱা হয়।উদীয়মান অভিনেতাজনক তেওঁৰ প্ৰতিভাৰ স্বীকৃতি আৰু উৎসাহ উদ্দিপনা যোগোৱাৰ উদ্দেশ্যৰে “কুলেন্দ্ৰছ ষ্টেপ ফৰৱাৰ্ডে” এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অভিনেতা সৈতেন্দ্ৰ কুমাৰ শৰ্মা, আৰক্ষী বিষয়া আবু চুফিয়ান ,নাট সমালোচক, সাংবাদিক হিল্লোল কুমাৰ পাঠকৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট অভিনেতা সৈতেন্দ্ৰ কুমাৰ শৰ্মাই । এই সম্বৰ্দ্ধনা অনুষ্ঠানৰ জৰিয়তে নাট্যকর্মী, পৰিচালক কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান অভিনেতাক উৎসাহিত কৰাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটো আতঁধৰে সাংবাদিক তথা সাংস্কৃতিক কর্মী প্রাঞ্জল এ শর্মাই। এই অনুষ্ঠানত হিমানজ্যোতি দাসৰ পিতৃ মাতৃৰ লগতে আন আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
