ষ্টাফৰিপৰ্টাৰ, কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি পুনৰ কাইলৈৰ পৰা গুৱাহাটী প্রেছ ক্লাৱৰ সকলো কাৰ্যসূচী অহা ৭ দিনৰ বাবে বাতিল কৰা হৈছে| প্রেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সমিতিৰ ক্ৰীড়া সম্পাদক ধীৰাজ হাজৰিকাৰ পত্নীৰ শৰীৰত দুৰ্ভাগ্যজনকভাবে কভিড-১৯ৰ উপস্থিতি ধৰা পৰাত সকলো বিষয় পৰ্যালোচনা কৰি আৰু জিলা প্ৰশাসনৰ সৈতে কৰা আলোচনা অনুসৰি এই সিদ্ধান্ত গ্ৰহন কৰা হৈছে ৷ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে এক বিজ্ঞপ্তিত এই কথা সদৰি কৰে| উল্লেখ্য যে ধীৰাজ হাজৰিকা প্রেছ ক্লাৱলৈ অহা-যোৱা কৰাৰ লগতে অন্যান্য সকলৰ সংস্পৰ্শলৈ অহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ‘চেল্ফ কোৱাৰেন্টিন’ত থাকিবলৈ প্ৰেছ ক্লাবৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে ৷ ইতিমধ্যে ধীৰাজ হাজৰিকাৰ লগতে পৰিয়ালৰ সদস্যৰ স্বোৱাব পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷ তেওঁৰ পৰীক্ষাৰ ৰিৰ্পট নহা পৰ্যন্ত প্ৰেছ ক্লাবলৈ সঘন আহ যাহ কৰা সকলোকে সাবধানে থাকিবলৈ অনুৰোধ জনোৱা হৈছে৷ আনহাতে অহা সপ্তাহত বিভিন্ন কাৰ্যসূচীৰ বাবে প্ৰেছ ক্লাবৰ সভাকক্ষ বুকিং কৰা দল-সংগঠন তথা ব্যক্তিসকলক বিকল্প ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হল ৷ প্ৰেছ ক্লাবৰ সকলো কাৰ্যসূচী বাতিল কৰিবলগীয়া হোৱা বাবে আমি সংশ্লিষ্ট সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী ।