ষ্টাফৰিপোৰ্টাৰ, ২৯ এপ্ৰিল :: গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত বুধবাৰে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে প্ৰদান কৰা ইনফ্ৰাৰেড থাৰ্মেল স্কেনাৰ গুৱাহাটীৰ মুঠ ৩৫টা বাতৰিকাকত আৰু ইলেক্ট্ৰনিক মাধ্যমৰ প্ৰতিষ্ঠানলৈ আগবঢ়োৱা হয়৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথৰ পৌৰোহিত্যত গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত অনুষ্ঠিত অনুষ্ঠানৰ আঁত ধৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায় আৰু সহ সম্পাদক মনীষা কলিতাই৷ অনুষ্ঠানত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডৰ মহাপ্ৰবন্ধক পি কে কাকতীয়ে বিশ্বৰ এই মহা সংকটৰ সময়ত কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰা ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ এইবিধ সঁজুলিয়ে সংবাদ কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষাত সহায়ক হ’ব বুলি কয়৷ অনুষ্ঠানত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ মুখ্য প্ৰবন্ধক আৰ কে দেউৰী, প্ৰবন্ধক ভাস্কৰ্য প্ৰতীক বৈশ্য, সহযোগী প্ৰবন্ধক শেখৰজ্যোতি দত্ত উপস্থিত থাকে৷ অনুষ্ঠানৰ আৰম্ভণিতে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা অইল ইণ্ডিয়ান কৰ্প’ৰেশ্যন লিমিটেডৰ বিষয়াসকলক ফুলাম গামোচাৰে কৃতজ্ঞতা জনোৱা হয়৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদক পল্লৱী বৰাই৷
