গুৱাহাটী ন্যায়ালয়ে পোদদাৰ কাৰ ৰৱল্ডৰ ওপৰত লগৰা সাময়িক নিষেধাজ্ঞা স্থগিত কৰিলে

132

গুৱাহাটী উচ্চ ন্যায়ালয়ে পোদদাৰ কাৰ ৰৱল্ডৰ ওপৰত লগৰা সাময়িক নিষেধাজ্ঞা স্থগিত কৰিলে। কামৰূপ জিলা পৰিবহন বিষয়াই চলোৱা অভিযানত যোৰা ১৪ ডিচেম্বৰ , ২০২০ তাৰিখে গাড়ী নতুন কৰি বিক্ৰী কৰা বুলি গ্ৰাহকৰ অভিযোগ মতে ট্ৰেড চাৰ্টিফিকেট সাময়িক ভাৱে বন্ধ কৰিছিল।
সেইদিনা মণ্টু বড়ো নামৰ গ্ৰাহকজনে এখন নতুন গাড়ী কিনিৰৰ বাৰে কামৰূপ ত এটা ড্ৰাইভ বিচাৰিছিল। সেইমত আমাৰ চেলছমেন গৰাকীয়ে গ্ৰাহক জনৰ ঘৰত লৈ গৈছিল। কিন্তু গ্ৰাহকজনৰ বাৰম্বাৰ অনুৰোধ যে তেওঁ গাড়ী কিনিব , বাকী যিখিনি পঞ্জীয়নৰ যাৱতীয় কাম লগত আহি কৰি ডেলিভাৰী লব। প্ৰায় তিনি দিন পিছত ২৫০ কিঃমিঃ গাড়ীখন চলাই মণ্টু বড়োই সহকৰ্মী ৰামন বড়োৰ সৈতে আন ১৫- ২০ জন মানুহৰ সৈতে লগ লাগি আমাক গাড়ীখন আমাক গাড়ীখন ঘুৰাই দিবলৈ আহে আৰু অতিৰিক্ত ৰেহাই বিচাৰে, নৈলে তেখেতে বিষয়টো সম্বাদ মাধ্যমক অৱগত কৰিব বুলি আমাক ভাবুকি প্ৰদান কৰে।