গুৱাহাটী তথা উত্তৰ গুৱাহাটী বাসীৰ বাবে সুখবৰ।বহু দিনীয়া এটা অৱসাদ দূৰ হ’ব।কিয়নো ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য প্রায় ৮০ শতাংশ কাম সম্পূৰ্ণ৷ শীঘ্ৰেই ৰাইজৰ বাবে মুকলি কৰা হ’ব দলঙখন৷ সামাজিক মাধ্যমত দলঙৰ ফটো শ্বেয়াৰ কৰি এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

