ৰাইজৰ সমস্যাৰ বুজ লৈ তাৎক্ষণিক সমাধানৰ নিৰ্দেশ
ষ্টাফৰিপৰ্টাৰ, ১ জুন : কৰ’না ভাইৰাছ দ্ৰুতগতিত বৃদ্ধি পোৱাত মহানগৰীৰ কেইবাটাও অঞ্চল ইতিমধ্যে স্বাস্থ্যবিভাগ আৰু মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা কন্টেইনমেণ্টজন হিচাপে ঘোষনা কৰে ৷ ইয়াৰ বাবে কন্টেইনমেণ্টজনত বসবাস কৰা বাসিন্দা সকলে ১৪ দিনলৈকে বাহিৰলৈ অহাযোৱা কৰিব নোৱাৰে ৷ সেই বাবেই সময়ে সময়ে অঞ্চলবাসী ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ৷এই ক্ষেত্ৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শনিবাৰে পুৱগুৱাহাটী সমষ্টিৰ অন্তৰগত ভঙাগড়স্থিত দিনেশ ওজা পথৰ কন্টেইনমেণ্টজন পৰিদৰ্শন কৰি অঞ্চলবাসী ৰাইজৰ সমস্যাৰ বুজ লয় ৷মন্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ সমস্যা সমুহ শীঘ্ৰেই সমধান কৰাৰ বাবে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে ৷ আনহাতে মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই দেওবাৰে মহানগৰীৰ এম এছ ৰোড স্থিত ৰাজকমল হোটেলৰ সমীপৱৰ্তী এলেকা পৰিদৰ্শন কৰে ৷ বিগত ১৪ দিন ধৰি এই এলেকাটো কন্টেইনমেণ্টজন হিচাপে স্বাস্থ্যবিভাগ আৰু জিলা প্ৰশাসনে ঘোষনা কৰিছিল ৷ ৩১ মে’ত সম্পূৰ্ণ ১৪ দিন উকলি যোৱাৰ পছত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উক্ত অঞ্চলটো কন্টেনইমেন্ট মুক্ত অঞ্চল বুলি ঘোষনা কৰে ৷ এই স্থানত বসবাস কৰা বাসিন্দা সকলে বিগত দিন কেইটাত স্বাস্থ্যৰক্ষাৰ সমগ্ৰ নীতিনিয়ম পালন কৰাৰ বাবে প্ৰতিগৰাকী নাগৰিকক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। কৰ’না ভাইৰাছৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া প্ৰতিগৰাকী চিকিৎসক, নাৰ্চ, চাফাই কৰ্মী,আৰক্ষী- প্ৰশাসনৰ জৰিত ব্যক্তি’ গাড়ীচালক সকলৰ লগতে সংবাদ সংগ্ৰহ কৰা সাংবাদিক সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰে ৷”
