গুৱাহাটীৰ সাংবাদিক আৰু সংবাদকৰ্মীৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ বিশেষ পদক্ষেপ

133

ষ্টাফৰিপোৰ্টাৰ, ২০ এপ্ৰিল : সৰ্বগ্ৰাসী ন’ভেল কৰ’না ৰোধৰ বাবে দেশত দীঘলীয়া লকডাউন। লকডাউনৰ সময়ছোৱাত আৰ্তজনৰ কাষত থিয় হৈছে বহু সহৃদয়ৱান লোক। চৌদিশে স্থবিৰ হৈ পৰা এই সময়ত অহৰ্নিশে নিজ কৰ্তব্যত নিয়োজিত আমাৰ একাংশ সাংবাদিক তথা সংবাদকৰ্মীৰ পৰিয়াল অসুবিধাৰ সন্মুখীন হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত। এই বিপদৰ সময়ত গুৱাহাটী প্ৰেছ ক্লাবে তেওঁলোকক সামৰ্থ অনুযায়ী এটা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়াবলৈ মনস্থ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ব্যৱসায়ী বিমল নাহাতাই আগবঢ়াইছে সাহাৰ্যৰ টোপোলা। এয়া গুৱাহাটীৰ সাংবাদিক আৰু সংবাদকৰ্মীৰ বাবে একাঁজলী সহায়ৰ হাত। গতিকে, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা গ্ৰহণ কৰা কোনো সংবাদকৰ্মীৰে ফটো বা ভিডিঅ’ ফুটেজ প্ৰচাৰ কৰাৰ পৰা আমি বিৰত থাকিম। মঙলবাৰৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা এই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলাসমূহ সংগ্ৰহ কৰিব পাৰিব বুলি এক বিবৃতি যোগে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক
সঞ্জয় ৰায়ে এক বিবৃতি যোগে জনাইছে।