গুৱাহাটীৰ লগতে ৰাজ্যখনত ঔষধৰ নাটনি

73

ষ্টাফৰিপৰ্টাৰ, ‘ৰাজ্য চৰকাৰে দেওবাৰৰ মাজনিশাৰ পৰা ঘোষণা
কৰা অপৰিকল্পিত লকডাউনৰ ফলত খাটিখোৱা মানুহৰ জীৱনলৈ দুৰ্যোগ নামি আহিছে। এনে সম্পূৰ্ণ ল’কডাউনৰ পৰা চৰকাৰে ফাৰ্মাচী আৰু চিকিৎসালয় খোলা দিছে যদিও মেডিচিন ডিষ্ট্ৰীবিউটৰ আৰু চিএনএফ খোলা ঘোষণা নকৰাৰ ফলত গুৱাহাটী মহানগৰীৰ চিকিৎসালয়, নাৰ্ছিং হোম আদিত ঔষধৰ নাটনিয়ে দেখা দিছে-এইদৰে সংবাদ মাধ্যমক কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। তেওঁ লগতে কয় “ক্ৰমবৰ্ধমান কৰ’না আক্ৰান্তৰ সংখ্যাত বিতত হৈ পৰা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৪ দিনৰ সম্পূৰ্ণ ল’কডাউন ঘোষণা কৰে। এনে অপৰিকল্পিত ঘোষণাই সকলো শ্ৰেণীৰ মানুহৰ বাবে এক দুৰ্যোগ জাপি দিছে। ঘোষণাত স্পষ্ট ভাৱে উল্লেখ নথকাৰ বাবে মেডিচিন ডিষ্ট্ৰীবিউটৰ আৰু চিএনএফ খোলা নাই, যাৰ ফলত ৰোগীৰ বাবে জীৱন-মৰণৰ সমস্যা হৈছে। এয়া চৰকাৰৰ টোগলকী কাণ্ড।” জনসাধাৰণক এফালে ভাতে মাৰিছে আৰু আনফালে এতিয়া চিকিৎসা বিহীনে মাৰিবলৈকে এনে হঠকাৰী সিদ্ধান্ত নেকি? ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া কোৱাৰেন্টাইনত নেকি? বুলি তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰে। সৰ্বসাধাৰণৰ জীৱনকলৈ হেতালি খেলাটো বন্ধ কৰিবলৈ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সোণোৱাল চৰকাৰক আহ্বান জনায়।