গুৱাহাটীৰ মাজ মজিয়াত গাঞ্জাভৰ্তি পৰিত্যক্ত বেগ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য…

121

বৃহৎ পৰিমাণৰ গাঞ্জা ভৰ্তি এটা বেগ মহানগৰীৰ জু ৰোডত বুধবাৰে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গুৱাহাটীৰ চিৰিয়াখানা পথৰ স্থানীয় বাসিন্দাসকলে কেইবাদিনো ধৰি তাত বিস্ফোৰক সামগ্ৰী ভৰ্তি বুলি ভবাৰ পিছতে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

অৱশ্যে সংগৃহীত তথ্য অনুসৰি আৰক্ষী বিষয়াসকলে বেগটোৰ অনুসন্ধান চলাই ভিতৰত চাৰিটা গাঞ্জাৰ বাণ্ডিল উদ্ধাৰ কৰে।

বিষয়াসকলৰ মতে, ছুটকেছটোৰ ভিতৰত উদ্ধাৰ হোৱা ভাংখিনিৰ ওজন আছিল প্ৰায় ছয় কিলোগ্ৰাম। ঘটনা সন্দৰ্ভত অধিক তদন্ত আৰম্ভ কৰিছে কৰ্তৃপক্ষই।