গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, জনালে মুখ্যমন্ত্ৰীয়ে

386

‘ভাৰত জোড়ো যাত্ৰা’ৰ পিছত এইবাৰ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। মণিপুৰৰ ইম্ফলৰ পৰা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হ’ব। ১৮ জানুৱাৰীত মণিপুৰৰ পৰা নাগালেণ্ড হৈ অসমৰ আমগুৰিত প্ৰৱেশ কৰিব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই।

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ‘‘ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ কথা এতিয়ালৈ চৰকাৰক জনোৱা নাই। চৰকাৰে নাজানে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পথ। চৰকাৰক জনালে দিয়া হ’ব অনুমতি।’’

‘ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ স্কুল আৰু মহানগৰৰ মাজেৰে যোৱাৰ অনুমতি দিয়া নহ’ব। আনহাতে মহানগৰীৰ মাজেৰে গ’লে পুৱা ৮ বজাৰ আগতে যাব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

‘‘অসমলৈ পৰ্যটক আহিলে আমি ভাল পাম, খেলপথাৰ-ষ্টেডিয়াম সকলোতে থাকিব পাৰিব তেওঁলোকে। কিন্তু গুৱাহাটী মহানগৰীৰ মাজেৰে আমি কাকো সমদল কৰিবলৈ অনুমতি নিদিওঁ। ৰাষ্ট্ৰীয় ঘাইপথৰে যাব পাৰিব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’।’’ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।