গুৱাহাটীৰ বামুনীমৈদামৰ ৬নং ৰেলৱে কলনি বজাৰত অত্যাৱশ্যকীয় বস্তু বিচাৰি মানুহৰ লানি নিচিগা সোঁত

92

ষ্টাফৰিপৰ্টাৰ: গুৱাহাটীৰ বামুনীমৈদামৰ ৬নং ৰেলৱে কলনি বজাৰত দেওবাৰে অত্যাৱশ্যকীয় বস্তু বিচাৰি মানুহৰ লানি নিচিগা সোঁত বয়। সামাজিক দুৰত্বক বুঢ়া আঙুলি দেখুৱাই পুৱাৰে পৰা মুকলিকৈ বজাৰ কৰাত একাংশ গ্ৰহাক ব্যস্ত হৈ পৰে।
গুৱাহাটী মহানগৰীত কৰ’না মহামাৰীয়ে গণ সংক্ৰমনৰ ব্যাপক ৰূপ লোৱাত দেওবাৰে নিশা ১২ বজাৰ পৰা সমগ্ৰ গুৱাহাটী মহানগৰীত লকডাউন ঘোষনা কৰে ৰাজ্য চৰকাৰে ৷ স্বাস্থ্য মন্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুইদিন পুৰ্বে গুৱাহাটী মহানগৰী ১৪ দিনৰ বাবে লকডাউন ঘোষনা কৰাৰ মাত্ৰ কেই ঘন্টা মানৰ পৰাই মহানগৰীৰ বজাৰত ব্যাপক ভীৰ হোৱা দেখা যায় ৷ ইয়াৰ বাবেই এচাম অসাধু ব্যৱসায়ীয়ে অধিক দামত সামগ্ৰী বিক্ৰী কৰিছে ৷ব্যাপক ভীৰে কৰ’নাৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাত ইন্ধন যোগাব ৷ তথাপি এচাম গ্ৰাহকৰ সামাজিক দুৰত্ব বজাই ৰখাত অকণো সচেতনা নাই ৷ দেওবাৰে মহানগৰীৰ বামুনীমৈদাম ৬নং ৰেলৱে গেটতৰ এখন শাক পাছলিৰ বজাৰত গাতে গা লগাই এচাম গ্ৰাহকে বজাৰ কৰা দেখিবলৈ পোৱা গৈছে ৷ নাই এচাম ব্যৱসায়ী- গ্ৰাহকৰ মুখত মাস্ক, নাই কোনো সামাজিক দুৰত্ব ৷ আৰক্ষী প্ৰশাসনৰ ভুমিকা নিৰ্বিকাৰ। এজনো আৰক্ষীক দেখিবলৈ পোৱা নগ’ল বজাৰৰ আশেপাশে ৷ আনহাতে বজাৰত ব্যৱসায়ীী সকলে লুন্ঠন অৱ্যাহত ৰাখিছে ৷ শাকপাচলিৰ মুল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধৰণ নাগৰিকক৷ আলু প্ৰতি কেজি ৫০-৬০ টকা, পটল ৮০-১০০ টকা, বিলাহী ১০০-১২০ টকা, জিকা ৮০ টকা, বিন ১৬০-২০০, ইচকছ ৬০-৭০ টকা, গাজৰ ১৬০ টকা, পান মুঠি ৪০-৫০ টকা ৷ এনেদৰে অধিক দামত বিক্ৰী কৰিছে এচাম অসাধু ব্যৱসায়ীয়ে। তৎস্বত্বেও নিৰ্বিকাৰ যোগান বিভাগ, গুৱাহাটী মহানগৰ জিলা প্ৰশাসন ৷ ৰাজ্যত এতিয়া ৰজা নোহোৱা দেশত পৰিণত হৈছে ৷যাৰ যি মন যায় সেইদৰেই বৃদ্ধি কৰিছে সামগ্ৰীৰ দাম বুলি একাংশ গ্ৰাহকে অভিযোগ উত্থাপন কৰে৷ আন একাংশই গুৱাহাটীৰ বাসিন্দাৰ ধনৰ অভাব নাই ৷সেইবাবেই হেতাওপৰা কৰি প্ৰতিখন বজাৰত সামগ্ৰী ক্ৰয়ত ভীৰ কৰিছে বুলি কয়।৷ সি যিয়ে নহওঁক কিয় মহানগৰ জিলা প্ৰশাসনে প্ৰতিখন বজাৰত সামাজি দুৰত্ব বজাই ৰখাত কিছু পৰিমাণে হলেও পদক্ষেপ লোৱাৰ প্ৰয়োজন ৷ নহ’লে মহানগৰীত ভয়ংকৰ ৰূপত গনসংক্ৰমন বৃদ্ধি পাব বুলি আকাংক্ষা কৰা হৈছে ৷