গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন হত্যাৰ গোচৰত দোষী সাব্যস্ত কয়দী…

510

এক চাঞ্চল্যকৰ ঘটনাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীক এমাহৰ পেৰ’ল দিয়াৰ পাছত নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি বকোৰ এখন থানাত ৰুজু হোৱা হত্যাকাণ্ডৰ গোচৰৰ বাবে প্ৰায় ১২ বছৰ ধৰি কাৰাবন্দী হৈ থকা মনদীপ ৰাভা নামৰ কয়দীজনক অস্থায়ীভাৱে মুকলি কৰি দিয়াৰ অনুমতি প্ৰদান কৰা হৈছিল।

অৱশ্যে পেৰ’লৰ সময়সীমা উকলি যোৱাৰ পাছতো তেওঁ ঘূৰি অহা নাই৷

ঘূৰি অহাৰ সময়সীমা পূৰণ নকৰাৰ বাবে কৰ্তৃপক্ষই সন্দেহ কৰিছে যে তেওঁ হয়তো পলায়নৰ চেষ্টা কৰিছে।

ইফালে, আৰক্ষীয়ে এতিয়া পলায়ন কৰা দোষীজনক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।